মাছৰটেঙা
মধুসোলেংৰ লগত লোকেল মাছৰ জোল
- নীলাক্ষী বৰা
সামগ্ৰী-
- লোকেল বাহু মাছ দুটুকুৰা,
- আলুদুটা,
- মিঠিগুটি কেইটামান,
- কেচাজলকীয়া এটা,
- নিমখ, হালধি এচামুচকৈ বা প্ৰয়েজন অনুসৰি, মিঠাতেল চাৰিচামুচ,
- মধুসোলেংৰ পাত এমুঠি
প্ৰণালী-
অতি সহজতে আৰু কম সামগ্ৰীতে হোৱা এই মাছৰ জোল, কিন্তু খাবলৈ অতি সোৱাদ যুক্ত লগতে শৰীৰৰ বাবেও বৰ উপকাৰী,
- প্ৰথমতে মই আলু দুটা সিজাই বাকলি গুচাই টুকুৰা কৰি ললো ,
- মাছ দুইপিচ ধুই নিমখ হালধি সানি কেৰাহী গৰম কৰি মাছ ভাজি ললো|
- বাকী থকী তেলত লৈ তাতে মিঠিগুটি দি আগতে ধুই কাটি ৰাখা মধুসোলেং খিনি দি অকণমান লৰাই আলু দিলো|
- নিমখ, হালধি, কেচাজলকীয়া দি দুইমিনিট মান লৰাই দুকাপ পানী দি উতলালো|
- এটিয়া মাছ যোগ কৰি পুনৰ ভালকৈ উতলাই নমাই পৰিবেশন কৰালো
গৰম ভাতৰ লগত এই জোলকণ হলে বেলেগ একোৱে নালাগে আৰু মোক।
Comments
Post a Comment