কিছুমান খাদ্যই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই ৰাখে| যি সকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক তেওঁলোক সহজে কোনো ভাইৰাচ বা বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হব নোৱাৰে| ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ প্ৰতিদিনে আমি আমাৰ আহাৰত কিছুমান এনে খাদ্য খাব লাগে যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াব পাৰে| খাদ্যৰ লগতে কিছুমান পানীয় খোৱাতো অত্যন্ত জৰুৰী যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে| তলত তেনে কিছুমান পানীয়ৰ কথা উল্লেখ কৰিলো :
01. গ্ৰীণ টি
গ্ৰীণ টিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাৰ মূলতে হৈছে ইয়াত থকা এণ্টিঅক্সিডেন্ট গুণটো|বৰ্তমান কৰুণা মহামাৰীৰ এই সময়ছোৱাত আমি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে গ্ৰীণ টি নিয়মিত সেৱন কৰা উচিত।
গ্ৰীণ টিৰ ৰেচিপি ভিডিঅ তলৰ লিংকত পাব
https://youtu.be/uJtPhY7j2wg
02. চালকুঁৱৰী/ এল'ভেৰা চৰ্বত
এল’ভেৰা(চালকুঁৱৰী) জুচ বা চৰ্বত অতিজৰে পৰা আয়ুৰবেদিক টনিক বা ঔষদত ব্যবহৃত হৈ আহিছে | বহুতো ভিটামিন, মিনাৰেল আৰু এণ্টিঅক্সিডেন্টেৰে ভৰপূৰ এলভেৰা জুচে শৰীৰৰ পোষণশক্তি বঢ়োৱাত সহায় কৰে|
এল'ভেৰা জুচ কিদৰে প্ৰস্তুত কৰিব পাৰি ৰেচিপি ভিডিঅ'টো লিংকত ক্লিক কৰি চাব পাৰে|
https://m.youtube.com/watch?feature=share&v=wFqS-2dq1RQ
03. হালধীযুক্ত গাখীৰ
হালধীযুক্ত গাখীৰে পাচন শক্তি বঢ়োৱাত সহায়ক হয়|
ইয়াত থকা এণ্টিঅক্সিডেন্ট আৰু এণ্টিইনফ্লেমেটৰি গুণে ৰোধ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় হয়|
হালধী গাখীৰ কিদৰে বনাব পাৰি তলৰ লিংক ক্লিক কৰি ভিডিঅ টো চাব পাৰিব|
https://youtu.be/Gi8Bkwwb9I0
04. প্ৰাকৃতিক চাহ
প্ৰাকৃতিক চাহ বা হাৰবেল চাহ ৰোগ প্ৰতিৰোধ শক্তি বঢ়োৱাৰ বাবে অতি জৰুৰী| এই প্ৰাকৃতিক চাহ আমি ঘৰতে সহজে বনাব পাৰো| জালুক, আদা, তুলসী পাত, মৌ, ডালচেনি, নেমু আৰু কিচমিচৰে আমি প্ৰাকৃতিক চাহ অতি সহজতে বনাব পাৰো |
তলক লিংকত প্ৰাকৃতিক চাহ বনোৱাৰ ভিডিঅটো পাব|
https://youtu.be/ahe0XzYONdo
Comments
Post a Comment