Skip to main content

মছলা ড'চা : চাউথ ইন্ডিয়ান ব্ৰেকফাষ্ট


 মছলা ড'চা
চাউথ ইন্ডিয়ান ব্ৰেকফাষ্ট

পম্পী শৰ্মা খাওন্দ

উপকৰণ -


  • চাউল ---  ২ কাপ
  • মাটি মাহ/উৰদ দাল---  আধা কাপ
  • বুটৰ দালি --- আধা কাপ
  • মেথি গুটি -- আধা চামুচ
  • ৰিফাইন তেল ---জোখ অনুপাতে।
  • মছলা ৰ বাবে ---
  •  আলু --- ৪/৫ বয়ল কৰি লোৱা।
  • বাদাম ---৪/৫ চামুচ (তিয়াই তুকি লোৱা )
  • সৰিয়হ --- ১ চামুচ
  • গোটা জিৰা --১ চামুচ
  • শুকান জলকীয়া -- ২ টা
  • পিয়াঁজ --- ২টা মিহিকৈ কাটি লোৱা
  • নিমখ, হালধি, মিঠাতেল --জোখ অনুপাতে
  • নৰসিংহ পাত --৬/৭ খিলা
  • কেঁচা জলকীয়া---২টা


প্ৰণালী -

প্ৰথমে চাউল,বুটৰ দালি, মাটিমাহ,মিঠি গুটি এইসকলোবোৰ বস্ত ভালদৰে ধুই ৫ ঘন্টা মান‌ সময় তিয়াই ৰাখিব। আটাইখিনি বস্ত ভালদৰে কুমলী যোৱাৰ  পিছত মিক্সিত দি  মিহিকৈ পেষ্ট বনাই ল'ব।তাৰ পিছত প্ৰয়োজন মতে পানী দি বেটাৰ টো বনাই অলপ নিমখ দি গোটেই ৰাতিটো  ফাৰ্মেন্তেচন/ফাৰমেন্ট  হবৰ বাবে থৈ দিব।

এতিয়া ড'চাৰ মছলাটো বনাবলৈ ---

এখন ননষ্টিক কেৰাহীত তেল দি শুকান জলকীয়া,সৰিয়হ ,কাটি লোৱা পিয়াঁজ, কেঁচা জলকীয়া দিব অলপমান সময় ভাজিব। এতিয়া বয়ল কৰি পিটিকি লোৱা আলু ,বাদাম দিব লগত জোখ অনুপাতে নিমখ, হালধি,জীৰা গুৰি, জলকীয়া গুৰি এইসকলোবোৰ বস্ত দি ভালদৰে লৰাই অলপমান সময় ভাজি এটা বাউলত কাঢ়ি ৰাখিব।

ড'চা খিনি তৈয়াৰ কৰিবলৈ ---

এতিয়া এখন ননষ্টিক তাৱা  গেছত পাতিলৈ ভালদৰে গৰম কৰি অলপ পানী ছটিয়াই কোমল কাপোৰ এখনেৰে  মচি লব।তাৰ পাছত এখন গোল হেতা এখনেৰে বহলাই মেলি মাজত অলপ ৰিফাইন তেল দিব। অলপমান ভাজ খোৱাৰ পিছত ভিতৰত আলুৰ মছলা খিনি সুমুৱাই পকাই দিব। এইদৰে এখন এখনকৈ মচলা ড'চা খিনি প্ৰস্তুত কৰি ল'ব।
এতিয়া মছলা ড'চা , নাৰিকলৰ চাটনি আৰু লগত সাম্বাৰ জুতি লওক।

ৰেচিপিৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালো। এবাৰ নিশ্চয় চাব বুলি আশা ৰাখিলোঁ।

https://www.youtube.com/watch?v=96aQovwcYbc&feature=share

Comments

Popular posts from this blog

ভাৰজিন মজিট (Virgin Mojito) শীতল পানীয়ৰ ৰেচিপি

Virgin Mojito শীতল পানীয়ৰ ৰেচিপি -  পুলিন বৰা  উপকৰণ:                                                     পুদিনা পাত , চদা (Soda),  নেমু চেপি লোৱা ,  গোল নেমুৰ টুকুৰা,  চেনী জোখমতে,  বৰফ      প্ৰনালী: এটা গিলাচত চেনী ২ চামোচ দি ,পুদিনা পাত কেইটামান,  নেমু টুকুৰা কেইটা দি   কাঠৰ মাদলাৰ এদালে   অলপ মিহলি কৰি বৰফ কেইটুকুৰা দি লৰায় দিলো | ভালদৰে মিহলি হোবাত চদা অলপ দি আকৌ লৰায় দিলো |  দেখিব ধুনীয়া হোৱাকৈ ভাল পুদিনা আগ ১টা, নেমু এটুকুৰা বাকলি এৰুবাই সজায় দিলো | চদা সলনি পানী দিও খাব পাৰে | চদা দিলে বুৰবুৰনি বাবে বেছি ভাল হয়  |গৰমত বহুত ভাল পানীয় এইবিধ|

নীল কঁচুৰ চাটনি - সম্পূৰ্ণা প্ৰণৱ কাকতি

নীল কঁচুৰ চাটনি - সম্পূৰ্ণা প্ৰণৱ কাকতি   এইবিধ কচু প্ৰায় ভাজি খোৱা হয়। কিন্তু ইয়াৰ চাটনিও বৰ সোৱাদ হয়। নোখোৱাসকলে কেতিয়াবা খাই চাবচোন। উপকৰণ: • কচু ঠাৰি এডাল • নহৰু তিনিফুটা • আদা এটুকুৰা • জলকীয়া নিজৰ জোখত • নিমখ জোখমতে • নেমু ৰস দুই টেবুলচামুছ প্ৰণালী:             কচু ঠাৰিৰ চোচ গুচাই লৈ ধুই সকলোখিনি উপকৰণ মিক্সিত পিছি লব লাগে। নেমুৰ সলনি অন্য টেঙাও লব পাৰে।

আঙুৰৰ মিঠা জ্বলা চাটনি - প্ৰিয়া সেন

আঙুৰৰ মিঠা জ্বলা চাটনি - প্ৰিয়া সেন উপকৰণ-         আঙুৰ ১০০ গ্ৰাম         বিলাহী ১ টা         তেঁতেলী ১ টা পকা         জলকীয়া গুৰি ১/২ চামুচ         চেনি ৫ চামুচ         নিমখ জোখ মতে         হালধি গুৰি জোখ মতে         তেল ২ চামুচ        পাছফুৰণ আধা চামুচ ( ভাজি গুৰি কৰি লব )       সৰিয়হ ১/৪ চামুচ প্ৰণালী -         প্ৰথমতে আঙুৰ মাজত কাটি লব। বিলাহী ও কাটি লব। এতিয়া কৰেহি গেছত বহাই তেল দিব । তেল গৰম হলে সৰিয়হ দিব আৰু আঙুৰ , বিলাহী তেঁতেলী দি নিমখ  হালিধি দি লৰাই ঢাকি দিব। এতিয়া সকলো খিনি সিজিলে জলকীয়া গুৰি আৰু চেনি দিব ভালকৈ সিজিলে পাছফুৰণ গুৰি দি নমাই পৰিবেশন কৰিব ।

Covid 19 ৰ সময়ত বজাৰৰ পৰা কিনি অনা শাক-পাচলি আৰু ফলমূল কিদৰে পৰিষ্কাৰ কৰিব

  Covid 19 ৰ সময়ত বজাৰৰ পৰা কিনি অনা শাক-পাচলি আৰু ফলমূল কিদৰে পৰিষ্কাৰ কৰিব : 1. শাক-পাচলি বা ফলমূল পৰিষ্কাৰ কৰাৰ আগতে নিজৰ হাত দুখন ভালদৰে চাবুনেৰে ধুই লোৱাতো খুবেই প্ৰয়োজন কাৰন আপোনাৰ হাতখনো নানা বিজানুৰ কাৰক হব পাৰে | কমেও 20 চেকেণ্ড চাবুনেৰে হাত ঘঁহিহে পৰিষ্কাৰ পানীৰে ধুব লাগে | 2.শাক-পাচলী বা ফলমূল প্ৰবাহীত পানীত (running water) ভালদৰে ধুব লাগে| হাতেৰে ভালদৰে ঘঁহি ঘঁহি বোকা বা লেতেৰা বোৰ আতৰাই দিব লাগে| 3. শাক-পাচলি বা ফলমূল ধোৱাৰ ক্ষেত্ৰত চাবুন বা ডিটাৰজেণ্ট ব্যৱহাৰ কৰিব নালাগে | অৱশ্যে বজাৰত শাক-পাচলি ধোৱা vegetable and fruit wash liquid  ওলাইছে | যদিহে ই ক্ষতিকাৰক নহয় তেনেহলে ব্যৱহাৰ কৰিব পাৰে| 4. প্ৰয়োজন হলে ব্ৰাচ বা স্পঞ্জ ব্যৱহাৰ কৰিব পাৰে | পাচলি বা ফলৰ বেয়া (damage)  অংশ বোৰ কাটি পেলাব | 5. কটাৰি খনো কেতিয়াবা নানা বিজানুৰ বাহক হব পাৰে| সেয়ে ব্যৱহাৰ কৰাৰ আগতে চাবুনেৰে (dish wash)  ধুই লব|

বাতি চাট / কটৰি চাট - ৰুবী কোঁৱৰ

বাতি চাট / কটৰি চাট  - ৰুবী কোঁৱৰ ছোৱালী আৰু মোৰ চাট বহুতেই প্ৰিয় সন্ধিয়া হলে মনত পৰেই এটা বাতি খাই হেপাহেই   নপলাই সেয়ে আজি ভাবিলো ঘৰতেই  বনাও ছোৱালীয়েও বৰ ভাল পালে এতিয়া আহো বনোৱা পদ্ধতি | উপকৰণ: ময়দা 1 কাপ তেল/ ঘিউ 1 চামুচ সিজোৱা আলু 2 টা সিজোৱা বুট পিয়াজ, বিলাহী কটা জিৰা, তেতেলি পানী, দৈ, নিমখ, চাট মছলা, কলা নিমখ ইত্যাদি প্ৰযোজন অনুসৰি প্ৰণালী: কটৰী মানে বাতি- প্ৰথমে ময়দা ১কাপ , ঘিউ বা তেল ১চামুচ ,আৰু ১/২ চামুচ নিমখ দি পানীৰে মঠি ১/২ ঘন্টা মান ঢাকন দি থৈ দিলো ১/২ ঘন্টা হোৱা পাছত লাডু কৰি ৰুটি নিচিনা বেলি এখন কাটা চামুচেৰে অলপ ফুটা ফুটা কৰি দিলো যাতে ৰুটিখন ফুলি নাযায় এতিয়া ওপৰত দিয়াৰ দৰে বাটিত মেৰিয়াই সমানকৈ কাটি গৰম তেলত কম চিমত ৰঙচুৱাকৈ ভাজিব লাগে অলপ গৰম হওতে বাটিটো নিজেই এৰি যাব তেতিয়াই আতৰাই দিব লাগে ,বাটিকেইটা অলপ ঠান্ডা হোৱাত চাট তৈয়াৰ কৰিলো| চাটৰ বাবে : প্ৰথ়মে বইল আলু সৰু সৰুকৈ  কটা আৰু বইল বুট দিলো তাৰপিছত দৈ,কলা নিমখ,গ্ৰিন চাটনি,তেতেলী পানী,জিৰা,সৰুকৈ কটা পিয়াজ আৰু বিলাহী আকৌ দৈ চাটনি তেতেলী সৰুকৈ কটা শুকান জলকী...

চিতলমাছৰ লগত তেতেলি টেঙা জোল - নিলাক্ষী বৰা

একেবাৰে সাধাৰণ ভাৱে আৰু সহজতে লগতে কম সামগ্ৰী ত বনোৱা এই মাছৰ জোল খাবলৈ কিন্তু বহুত সোৱাদ হয় এইবাৰ বনাই খালেহে গম পাব | চিতলমাছৰ লগত তেতেলি টেঙা জোল মই দুজনৰ বাবে বনাইছো সামগ্ৰী - কেচাতেতেলীৰ চাৰিটা চিৰা মাছ দুটুকুৰা পাচপূৰণ কেইটামান মিঠাতেল তিনিচামুচ নিমখ, প্ৰয়োজন অনুসৰি হালধি জোখমতে ধনীয়া পাত এমুঠি পানী তিনিকাপ কেচাজলকীয়া তিনিটা প্ৰণালী- তেতেলীৰ বাকলি এৰুৱাই লগতে গুটি গুচাই লব |  তেতেলী খিনিৰ পেস্ট বনাই লৱ | এটা কেৰাহী গৰম কৰি মিঠাতেল দি মাছ দুটুকুৰা ত নিমখ হালধি সানি ভাজি লব | ৰৈ যোৱা সেই তেলতে পাচপূৰণ দি  অকণমান ৰঙচুৱা কৰি তেতেলীৰ পেস্ট খিনি দি একমিনিট মান লৰাই তাতে নিমখ, হালধি জলকীয়া সকলো দি গৰম পানী দিব|  উতল আহিলে মাছ দি পুনৰ আকৌ উতলাই ধনীয়া পাত দি নমাই পৰিবেশন কৰিব|

অসমীয়াৰ প্ৰিয় আলু পিটিকা

  Aloo Pitika  আলু পিটিকা  একেবাৰে সহজ এটি ৰেচিপি| আপোনাৰ যদি বনাবলৈ সময় নাই বা আপুনি যদি এজন অকলশৰে থকা পুৰুষ, তেনেহলে কথাই নাই, ভাততে আলু এটি দিয়ক আৰু তৃপ্তিৰে ভাত সাঁজ খাওঁক, নহয় জানো ? কিন্তু এই আলু পিটিকা যে কেৱল অসমীয়া সকলেহে খায় তেনে নহয়| ইংৰাজ বা আমেৰিকান সকলৰো প্ৰিয় এই আলু পিটিকা বা  mashed potato.  কিন্তু তেওঁলোকে বনোৱা আলু পিটিকা আৰু অসমীয়া আলু পিটিকাৰ মাজত পাৰ্থক্য আছে| ইংৰাজ বা আমেৰিকান সকলে বনোৱা আলু পিটিকাত মাখন বা বাটাৰ, গাখীৰ আৰু ক্ৰিম মিহলাই খায়| কিন্তু আমি অসমীয়া সকলে নিমখ, পিয়াজ, জলকীয়া আৰু মিঠাতেল দি সানি খাওঁ| আমাৰ দৰে বিহাৰী সকলেও আলু পিটিকা খায় আৰু তেওঁলোকে ইয়াক  আলু চৌখা  বুলি কয় | অসমীয়া ৰন্ধন শৈলীত মিঠাতেলৰ ব্যবহাৰ অপৰিহায্য|  প্ৰত্যোক ৰন্ধন কাৰ্য্যতে মিঠাতেল ব্যৱহাৰ হয়| মিঠাতেল যিহেতু কেঁচাকৈয়ো খাব পাৰি, ইয়াক পিটিকা বা চাটনি আদিতো ব্যৱহাৰ কৰা হয়| অসমীয়া আলু পিটিকাত সাধাৰনতে কেঁচা তেল আৰু  কেঁচা পিঁয়াজ দি বনোৱা হয়| কিন্তু কেঁচা পিঁয়াজ খোৱাৰ ফলত মূখ খন গোন্ধাব পাৰে |তাৰ উপৰিও কেঁচা নিমখ খোৱাতো স্বাস্থ্যৰ বাবে ভাল নহব...

ফুলকবিৰ মালাইকাৰী - লিনা বৰা

  ফুলকবিৰ মালাইকাৰী - লিনা বৰা উপকৰণ --- ১।ফুলকবি ৫০০ গ্ৰাম ২।পিয়াঁজ ৩ টা ৩।আদা আধা টুকুৰা ৪।নহৰু ৬ ফুটা ৫।ধনিয়া গুৰি ১ চাহ চামুচ ৬।জিৰা গুৰি ১চাহ চামচ ৭।জলকিয়া গুৰি ১ চাহ চামুচ ৮।ইলাচি ৪ টা ৯।লং ১০। দৈ ৩ চামুচ ১১। গোটা জিৰা ১২। কেচা জলকীয়া ২ টা ১৩। ধনিয়া পাত ১৪ ।তেল ৩ চামুুচ। ১৫ ।নিমখ জোখমতে ১৬।হালধী ১ চামুচ । প্ৰণালী --- ফুলকবি ফুলকেইটা এৰুৱাই কাটি ললো।পিয়াজ বাকলি গুচাই কুটি ললো। আদা নহৰু বাকলি গুচাই ইলাচি লং একেলগে বটি ললো। ধনিয়া পাত কুটি ললো। এটা চিচাৰ পাত্ৰত দৈ বটা মচলা খিনি নিমখ সকলো ২ চামুচ পানীৰ লগতমিহলাই ফেটি ললো। ফুলকবি খিনি মছলাৰ লগত মিহলাই আধা ঘণ্টা থৈ দিলো। কেৰাহীত তেল গৰম কৰি তেজপাত জিৰা ফোৰণ দি জলকীয়া দি পিয়াজ দি ৰঙচুৱা কে ভাজি ফুলকবিৰ মিশ্ৰণ খিনি তেলত দি ১০ মিনিত সময় ভাজি ১ কাপ গৰম পানী দি সিজিবলৈ দিলো। ফুলকবি সিজোতে ওপৰত ধনীয়া পাত দি নমাই পৰিবেশন কৰিলো।

জলফাই আচাৰ - সম্পূৰ্ণা প্ৰণৱ কাকতি

জলফাই আচাৰ -  সম্পূৰ্ণা প্ৰণৱ কাকতি উপকৰণ: • জলফাই এক কেজি • নিমখ জোখমতে • হালধি দুচামুছ • গোটা জিৰা এক টেবুলচামুছ • গোটা ধনীয়া এক টেবুলচামুছ • আজৱাইন এক চাহচামুছ • জালুক কেইটামান(ঐচ্ছিক) • পাঁচফুৰণ এক টেবুলচামুছ • শুকান জলকীয়া ১২টা মান • গুৰ চাৰি চামুচ আৰু চেনী চাৰি চামুচ • তেল ১০০মি:লি: • ভিনেগাৰ দুচামুছ প্ৰণালী:            জলফাই খিনি সিজাই ফেনৰ বতাহত পানীখিনি শুকুৱাই ললোঁ(বৰষুণৰ বতৰ আছিল বাবে)। গোটা মচলখিনি শুকানে ভাজি গুৰি কৰি ললোঁ। একেবাৰে মিহি কৰা নাই। জলফাই খিনি হাতেৰে পিটিকি ভাঙি ললোঁ। কিছুমান চকলিয়াই ললোঁ।            এতিয়া কেৰাহীত তেল গৰম কৰি হালধি, নিমখ, মচলা গুৰি খিনি দি লৰাই জলফাই খিনি দি ভালদৰে অলপ সময় লৰাই গুৰ আৰু চেনিখিনি দি গলি জলফাইৰ গাত লাগি যোৱাকৈ ভাজিলোঁ। শেষত ভিনেগাৰ দি লৰাই নমাই থলোঁ।

বিলাহীৰ জ্বলা মিঠা চাটনি - ঝুমুৰ দে

বিলাহীৰ জ্বলা মিঠা চাটনি - ঝুমুৰ দে  উপকৰণ:--     ১. বিলাহী ২ টা (মধ্যমীয়া)                        ২. হুকান জলকীয়া ৩ টা                        ৩. মিঠা চফ ১ চামুচ                        ৪. ৰান্ধনি সজ আৰু সৰিয়হ ১ চামুচ                        ৫. হুকান বগৰী                        ৬. কাজু কিচমিচ ২০ গ্ৰাম                        ৭. চেনি আধা কাপ (নিজৰ ইচ্ছা অনু্যায়ি কম বেছি পৰিমানে লব পাৰে।)                        ৮. নিমখ প্ৰয়োজন অনুসৰি                        ৯. তেল  ২ চামুচ   ...