মছলা ড'চা
চাউথ ইন্ডিয়ান ব্ৰেকফাষ্ট
- পম্পী শৰ্মা খাওন্দউপকৰণ -
- চাউল --- ২ কাপ
- মাটি মাহ/উৰদ দাল--- আধা কাপ
- বুটৰ দালি --- আধা কাপ
- মেথি গুটি -- আধা চামুচ
- ৰিফাইন তেল ---জোখ অনুপাতে।
- মছলা ৰ বাবে ---
- আলু --- ৪/৫ বয়ল কৰি লোৱা।
- বাদাম ---৪/৫ চামুচ (তিয়াই তুকি লোৱা )
- সৰিয়হ --- ১ চামুচ
- গোটা জিৰা --১ চামুচ
- শুকান জলকীয়া -- ২ টা
- পিয়াঁজ --- ২টা মিহিকৈ কাটি লোৱা
- নিমখ, হালধি, মিঠাতেল --জোখ অনুপাতে
- নৰসিংহ পাত --৬/৭ খিলা
- কেঁচা জলকীয়া---২টা
প্ৰণালী -
প্ৰথমে চাউল,বুটৰ দালি, মাটিমাহ,মিঠি গুটি এইসকলোবোৰ বস্ত ভালদৰে ধুই ৫ ঘন্টা মান সময় তিয়াই ৰাখিব। আটাইখিনি বস্ত ভালদৰে কুমলী যোৱাৰ পিছত মিক্সিত দি মিহিকৈ পেষ্ট বনাই ল'ব।তাৰ পিছত প্ৰয়োজন মতে পানী দি বেটাৰ টো বনাই অলপ নিমখ দি গোটেই ৰাতিটো ফাৰ্মেন্তেচন/ফাৰমেন্ট হবৰ বাবে থৈ দিব।
এতিয়া ড'চাৰ মছলাটো বনাবলৈ ---
এখন ননষ্টিক কেৰাহীত তেল দি শুকান জলকীয়া,সৰিয়হ ,কাটি লোৱা পিয়াঁজ, কেঁচা জলকীয়া দিব অলপমান সময় ভাজিব। এতিয়া বয়ল কৰি পিটিকি লোৱা আলু ,বাদাম দিব লগত জোখ অনুপাতে নিমখ, হালধি,জীৰা গুৰি, জলকীয়া গুৰি এইসকলোবোৰ বস্ত দি ভালদৰে লৰাই অলপমান সময় ভাজি এটা বাউলত কাঢ়ি ৰাখিব।
ড'চা খিনি তৈয়াৰ কৰিবলৈ ---
এতিয়া এখন ননষ্টিক তাৱা গেছত পাতিলৈ ভালদৰে গৰম কৰি অলপ পানী ছটিয়াই কোমল কাপোৰ এখনেৰে মচি লব।তাৰ পাছত এখন গোল হেতা এখনেৰে বহলাই মেলি মাজত অলপ ৰিফাইন তেল দিব। অলপমান ভাজ খোৱাৰ পিছত ভিতৰত আলুৰ মছলা খিনি সুমুৱাই পকাই দিব। এইদৰে এখন এখনকৈ মচলা ড'চা খিনি প্ৰস্তুত কৰি ল'ব।
এতিয়া মছলা ড'চা , নাৰিকলৰ চাটনি আৰু লগত সাম্বাৰ জুতি লওক।
ৰেচিপিৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালো। এবাৰ নিশ্চয় চাব বুলি আশা ৰাখিলোঁ।
https://www.youtube.com/watch?v=96aQovwcYbc&feature=share
Comments
Post a Comment