চুজি আৰু বেচনৰ ভাপত দিয়া কেক- ইজা বৰুৱা
ৰেচিপি এটা নতুনকৈ শিকিছিলোঁ..তাকেই আগবঢ়ালোঁ
উপকৰণঃ
- চুজি আধা কাপ
- বেচন আধা কাপ
- আলু ডাঙৰ এটা(পিহি লোৱা)
- পানী আধা কাপ
- বিলাহী আধাফাল(সৰুকৈ কুটি লোৱা)
- পিয়াজ এটা(কুটি লোৱা)
- জলকীয়া দুটা, কুটি লোৱা
- নৰসিংহ পাত ৬/৭ টা
- ধনীয়া কুটি লোৱা(এবাটি,সৰু বাটিৰে)
- নিমখ সোৱাদ অনুসৰি
- হালধি এচিকুট
- গৰম মছলা আধা চাহ চামুচ
- জিৰা পাউদাৰ আধা চাহ চামুচ
- জলকীয়া গুৰি আধা চাহ চামুচ
- নেমুৰস ২ চামুচ
- চাট মচলা এক চাহ চামুচ(মই ব্যৱহাৰ কৰিছোঁ নহ'লেও কথা নাই)
- বেকিংঃ আধা চাহ চামুচ
প্ৰণালীঃ
১)প্ৰথমে চুজি আৰু বেচন খিনি বাটি এটাত ল'ব
২)ৰুকী লোৱা আলুখিনি দিব
৩)পানী দি গুলিব
৪)কাটি ৰখা পাচলি,শাক সমূহ দিব,নেমুৰস দিব
৫)নিমখ আৰু আন মচলা সমূহ দি মিক্স কৰিব
৬)বেকিং দিব,আকৌ মিক্স কৰিব
৭)এটা পাত্রত অলপ তেল সানি কেক বহোৱাৰ দৰে পাত্রটোত দিব
৮)এখন কেৰাহীত পানী গৰম কৰি এদাল ষ্টেন্ড বঢ়াই পানী উতলিলে পাত্রটো দি ২০ মিনিট মিডিয়াম ফ্লেমত উতলিব দিব..
৯)তাৰ পাছত ঢাকোন আতৰাই ওপৰৰ অংশ ভালকৈ শুকাই নোযোৱা লৈকে ৰাখিব
১০)ভালদৰে সিজিলত নমায় ঠাণ্ডা হ'বলৈ দি পাছত নিজ ইচ্ছামতে আকাৰ দি গৰম তেলত ভাজি পৰিবেশন কৰিব পাৰিব
এই টুকুৰাবোৰ ১০ দিন পৰ্যন্ত এয়াৰ টাইট কন্টেইনাৰত ফ্ৰীজত ৰাখি ইচ্ছা হ'লেই ফ্ৰাই কৰি খাব পাৰিব...
Comments
Post a Comment