পনীৰক ভাৰতীয় চীজ বুলিও কোৱা হয়| পনীৰ গাখীৰৰ পৰা তৈয়াৰী এবিধ সতেজ কোমল চীজ| পনীৰক কেঁচাকৈয়ো খাব পাৰি যদিও ভাৰতীয় ৰন্ধনশৈলীত পনীৰক বিভিন্ন ধৰনেৰে ৰান্ধি পৰিৱেশন কৰা হয় |পনীৰত প্ৰোটিনৰ মাত্ৰা যথেষ্ট বেছি হোৱাৰ বাবে পনীৰ খোৱাটো বৰ দৰকাৰী|
নিৰামীষভোজী সকলৰ বাবে পনীৰ বৰ উপযোগী আহাৰ |পনীৰৰ বিভিন্ন ব্যঞ্জন বনাব পাৰি | পালেং পনীৰ, মটৰ পনীৰ, চাহী পনীৰ ইত্যাদি ব্যঞ্জন বোৰ ভাৰতত বৰ জনপ্ৰিয় আৰু প্ৰায় বিয়া-সবাহ পাৰ্টি ইত্যাদিবোৰত পৰিৱেশন কৰা দেখা যায়|
পনীৰ খোৱাটো আমাৰ শৰীৰৰ বাবে কিয় লাভজনক, তাৰ পাচটা কাৰণ তলত উল্লেখ কৰিলো :
- যি সকলে মাংস নাখায় সেইসকলৰ বাবে পনীৰ হৈছে এবিধ উত্তম প্ৰোটিনযুক্ত আহাৰ |মাংসপেশী গঠনৰ বাবে প্ৰোটিনৰ প্ৰয়োজন| সেয়েহে পনীৰত থকা প্ৰোটিনে মাংসপেশী গঠনত সহায়ক হব পাৰে|
- প্ৰোটিনৰ উপৰিও পনীৰত কেলচিয়ামৰ মাত্ৰা যঠেষ্ট পৰিমানে পোৱা যায়| সেয়েহে পনীৰক খাদ্য হিচাপে গ্ৰহণ কৰিলে হাড় আৰু দাঁত মজবুত কৰাত সহায় হব পাৰে |
- পনীৰ উচ্চ ৰক্তচাপ বা ডায়েবেটিক ৰোগীৰ বাবে ভাল খাদ্য| পনীৰত থকা প্ৰোটিন আৰু মেগনেচিয়াম পদাৰ্থই ৰক্তচাপ নিয়ন্ত্ৰন ৰখাত সহায় কৰে|
- এনিমিয়াৰ বাবেও পনীৰ বৰ উপযোগী আহাৰ| পনীৰত থকা ভিটামিন B12 য়ে তেজত থকা ভাল ৰঙা ৰক্ত কণিকা বৃদ্ধি কৰাত সহায় কৰে|
- পনীৰত থকা চিলেনিয়ামে তেজৰ এণ্টিঅক্সিডেন্ট গুণবোৰ বঢ়োৱাত সহায় কৰে | (সহায় লৈ)
তলত দুটি সুন্দৰ পনীৰৰ ৰেচিপি আগবঢ়োৱা হল:
পনীৰ লাবাবদাৰ হৈছে এবিধ খাঁটি পাঞ্জাৱী ব্যঞ্জন | এই বিধ ব্যঞ্জনত পনীৰক বিলাহী, পিয়াজ, কাজু আৰু ক্ৰীমৰ এটা ডাঠ পেষ্টত বিভিন্ন মচলাৰ সৈতে ৰন্ধা হয়|ই খাবলৈ বৰ সোৱাদযুক্ত হয় আৰু ইয়াক ৰুটী বা নানৰ লগত পৰিৱেশন কৰা হয়|
পনীৰৰ এটি অতি সুন্দৰ ব্যঞ্জন পদিনা পনীৰ ফ্ৰাইড ৰাইচ| এই ব্যঞ্জনবিধত বাচমতি চাউলক বিভিন্ন মচলাৰ সৈতে পনীৰ আৰু পদিনাৰ ৰসৰ লগত ৰন্ধা হয়| ইয়াক দিনত বা ৰাতিৰ আহাৰত পৰিবেশন কৰিব পাৰি|
পনীৰ লাবাবদাৰ ইউটিউৱ ভিডিঅৰ বাবে (ক্লিক কৰিব)
পদিনা পনীৰ ফ্ৰাইড ৰাইচ :
পনীৰৰ এটি অতি সুন্দৰ ব্যঞ্জন পদিনা পনীৰ ফ্ৰাইড ৰাইচ| এই ব্যঞ্জনবিধত বাচমতি চাউলক বিভিন্ন মচলাৰ সৈতে পনীৰ আৰু পদিনাৰ ৰসৰ লগত ৰন্ধা হয়| ইয়াক দিনত বা ৰাতিৰ আহাৰত পৰিবেশন কৰিব পাৰি|
Comments
Post a Comment