ব্লগিংৰ জনপ্ৰিয়তা দিনে দিনে বাঢ়ি গৈছে | ব্লগ হৈছে এক ধৰনৰ অনলাইন আলোচনী বা যিকোনো এটা বিষয়ৰ ওপৰত থকা তথ্যৰ ৱেবচাইট| ব্লগ হৈছে এটা মঞ্চ য'ত এজন লেখক বা এটি লেখকৰ গোটে যিকোনো এটি বিষয় বস্তুৰ ওপৰত লেখা আগবঢ়াব পাৰে| লেখাৰ লগতে ব্লগত ফটো দিয়াটো অতিকৈ জৰুৰী, কাৰণ ফটোৰ দ্বাৰাই পঢ়ুৱৈসকলক ব্লগটো পঢ়িবলৈ আকৰ্ষিত কৰিব পাৰি| ফুড ব্লগত ফটো দিয়াটো বহু জৰুৰী, ফটোবিহিন ৰেচিপি বা অন্য খাদ্য ব্লগবোৰ পঢ়ি ভাল নালাগে| সেয়েহে ব্লগত ফটো কিদৰে আৰু কেনেকুৱা ব্যবহাৰ কৰিব লাগে জানো আহক|
- প্ৰথমতে ফুড ব্লগত নিজৰ আৰু কেৱল নিজৰ ফটোহে ব্যবহাৰ কৰাটো ভাল বিশেষকৈ ৰেচিপিৰ ক্ষেত্ৰত|
- ফটোত ব্লগ লেখাটোৰ ওপৰত একেবাৰে আৰম্ভনীতে দিলে পঢ়ুৱৈৰ আকৰ্ষণ বাঢ়ে |
- লেখাৰ মাজে মাজেও লেখাৰ লগত জড়িত ফটো দি যাব পাৰে |
- ফটোৰ আকাৰ বৰ ডাঙৰ হব নালাগে অন্যথা লেখাটো loading হওঁতে সময় বেছি লয়|
কেতিয়াবা আমি কিছুমান লেখাত গুগলৰ পৰা ফটো দিব লগীয়া হয় তেনে ক্ষেত্ৰত কি কৰিব?
প্ৰথমে জানো আহক গুগল কি?
• গুগল কেৱল মাত্ৰ এটা চাৰ্চ ইঞ্জিন , য'ত চাৰ্চ কৰি আমি বিভিন্ন ফটো বা ইনফৰমেচন বোৰ পাব পাৰো|
• গুগল পাবলিক দমেইন বা কপিৰাইট ফ্ৰি কনটেন্টৰ চাৰটিফাইদ কালেকচন নহয়| সেয়েহে ফটোবোৰৰ মালিক গুগল নহয়|
গুগলত চাৰ্চ কৰিলে কেইটামান কপিৰাইট ফ্ৰি থকা ৱেবচাইট পাব যৰ ফটো বোৰ আপুনি যত যেনেকৈ ইচ্ছা ব্যবহাৰ কৰিব পাৰিব ফটোৰ ক্ৰেদিট নিদিয়াকৈ | তাৰ কেইটীমান উদাহৰন হৈছে -
• pexels
• pixabay
• unsplash
• stocksnap
• Wikimedia
etc.
ইয়াৰ বাহিৰে অন্য ৱেবচাইটৰ পৰা ফটো ব্যবহাৰ কৰোতে সাবধান হব ,নহলে আপোনাৰ ওপৰত কপিৰাইট কেচ হবওঁ পাৰে |
গুগলত ফটো বিছাৰোতে প্ৰথমে ধৰি লব যে ফটো খন কপিৰাইট যুক্ত হয়| তেনে ক্ষেত্ৰত কপিৰাইট থকা গৰাকীৰ অনুমতি লৈহে ফটো খন ব্যবহাৰ কৰিব| ফটোত ৱাটাৰমাৰ্ক থাকিলে ৱাটাৰমাৰ্কত কপিৰাইট থকা গৰাকীৰ পৰিচয় পাব নহলে গুগলত ফটো খন ক্লিক কৰিলেও আপুনি সেই ৱেবচাইট বা ব্লগৰ ঠিকনাটো পাব| তেতিয়া পাৰিলে পাৰমিচন লৈ ফটো খন ব্যবহাৰ কৰিব নহলে ফটোৰ উত্স গুগল বা ইনটাৰনেট নিলিখি সেই ৱেবচাইটোৰ ইউ আৰ এল টো দিব|
খুবেই দৰকাৰী ৷
ReplyDelete