Skip to main content

ফুড ব্লগত ফটো কিদৰে ব্যবহাৰ কৰিব


ব্লগিংৰ জনপ্ৰিয়তা দিনে দিনে বাঢ়ি গৈছে |  ব্লগ হৈছে এক ধৰনৰ অনলাইন আলোচনী বা যিকোনো এটা বিষয়ৰ ওপৰত থকা তথ্যৰ ৱেবচাইট|  ব্লগ হৈছে  এটা মঞ্চ য'ত এজন লেখক বা এটি লেখকৰ গোটে যিকোনো এটি বিষয় বস্তুৰ ওপৰত লেখা আগবঢ়াব পাৰে|   লেখাৰ লগতে ব্লগত ফটো দিয়াটো অতিকৈ জৰুৰী, কাৰণ ফটোৰ দ্বাৰাই পঢ়ুৱৈসকলক ব্লগটো পঢ়িবলৈ আকৰ্ষিত কৰিব পাৰি|  ফুড ব্লগত ফটো দিয়াটো বহু জৰুৰী, ফটোবিহিন ৰেচিপি বা অন্য খাদ্য ব্লগবোৰ পঢ়ি ভাল নালাগে|  সেয়েহে ব্লগত ফটো কিদৰে আৰু কেনেকুৱা ব্যবহাৰ কৰিব লাগে জানো আহক|


  • প্ৰথমতে ফুড ব্লগত নিজৰ আৰু কেৱল নিজৰ ফটোহে ব্যবহাৰ  কৰাটো ভাল বিশেষকৈ ৰেচিপিৰ ক্ষেত্ৰত| 
  • ফটোত ব্লগ লেখাটোৰ ওপৰত একেবাৰে আৰম্ভনীতে দিলে পঢ়ুৱৈৰ আকৰ্ষণ বাঢ়ে |
  • লেখাৰ মাজে মাজেও লেখাৰ লগত জড়িত ফটো দি যাব পাৰে | 
  • ফটোৰ আকাৰ বৰ ডাঙৰ হব নালাগে অন্যথা লেখাটো loading  হওঁতে সময় বেছি লয়|


কেতিয়াবা আমি কিছুমান লেখাত গুগলৰ পৰা ফটো দিব লগীয়া হয় তেনে ক্ষেত্ৰত কি কৰিব?


প্ৰথমে জানো আহক গুগল কি?

• গুগল কেৱল মাত্ৰ এটা  চাৰ্চ ইঞ্জিন , য'ত চাৰ্চ কৰি আমি বিভিন্ন ফটো বা ইনফৰমেচন বোৰ পাব পাৰো|

• গুগল পাবলিক দমেইন বা কপিৰাইট ফ্ৰি কনটেন্টৰ চাৰটিফাইদ কালেকচন নহয়| সেয়েহে ফটোবোৰৰ মালিক গুগল নহয়|

গুগলত চাৰ্চ কৰিলে কেইটামান কপিৰাইট ফ্ৰি থকা ৱেবচাইট পাব যৰ ফটো বোৰ আপুনি যত যেনেকৈ ইচ্ছা ব্যবহাৰ কৰিব পাৰিব ফটোৰ ক্ৰেদিট নিদিয়াকৈ | তাৰ কেইটীমান উদাহৰন হৈছে -
• pexels
• pixabay
• unsplash
• stocksnap
• Wikimedia
etc.

ইয়াৰ বাহিৰে অন্য ৱেবচাইটৰ পৰা ফটো ব্যবহাৰ কৰোতে সাবধান হব ,নহলে আপোনাৰ ওপৰত কপিৰাইট কেচ হবওঁ পাৰে |

গুগলত ফটো বিছাৰোতে প্ৰথমে ধৰি লব যে ফটো খন কপিৰাইট যুক্ত হয়| তেনে ক্ষেত্ৰত কপিৰাইট থকা গৰাকীৰ অনুমতি লৈহে ফটো খন ব্যবহাৰ কৰিব| ফটোত ৱাটাৰমাৰ্ক থাকিলে  ৱাটাৰমাৰ্কত কপিৰাইট থকা গৰাকীৰ পৰিচয় পাব নহলে গুগলত ফটো খন ক্লিক কৰিলেও আপুনি সেই ৱেবচাইট বা ব্লগৰ ঠিকনাটো পাব| তেতিয়া পাৰিলে পাৰমিচন লৈ ফটো খন ব্যবহাৰ কৰিব নহলে ফটোৰ উত্স গুগল বা ইনটাৰনেট নিলিখি সেই ৱেবচাইটোৰ ইউ আৰ এল টো দিব|

Comments

Post a Comment

Popular posts from this blog

কলখাৰ কি দৰে তৈয়াৰ কৰা হয় আৰু ইয়াৰ উপকাৰিতাসমূহ

  তিনিশ ষাঠি জোপা ৰুবা কল। মাহেকে পষেকে চিকুণাবা তল।। পাত পছলা লাভত খাবা। লংকাৰ বনিজ ঘৰতে পাবা।। উক্ত ডাকৰ বচন ফাঁকিৰ মতে তিনিশ ষাঠি জোপা কলপুলি ৰুলে বছৰৰ প্ৰত্যেক দিনতে এথুককৈ কল পাব পাৰি যাৰ পৰা জীৱিকা অৰ্জন কৰিব পাৰি আৰু লগতে কলগছৰ পাত আৰু পচলাও পাব পাৰি| লগতে এই বচন ফাঁকিত এইটোও নিৰ্দেশ আছে যে মাহেকে পষেকে গছৰ তলবোৰ চিকুনাব লাগে|  অসমীয়া জনজীৱনত কলগছৰৰ ব্যৱহাৰ অপৰিহাৰ্য্য| কলক কেৱল মাত্ৰ যে ফল হিচাপে খোৱা হয় তেনে নহয়|কলপাত, কলপতুৱা সকাম-নিকাম আদিত ব্যৱহাৰ কৰাৰ লগতে কলদিল আৰু কলপচলা ৰান্ধি খোৱা হয়| পূজা পাৰ্বন ইত্যাদিত কলৰ ব্যবহাৰ বিশেষকৈ চেনিকলৰ চাহিদা বেছি|  কল কেৱল খাই বাকলি পেলাই দিয়া হয় তেনে নহয়, ভীম কল আৰু আঠিয়া কলৰ বাকলি শুকোৱাই ৰখা হয় আৰু পিছত ইয়াক জুইত পুৰি খাৰ বনোৱা হয়|এনেকৈ কলৰ বাকলি শুকোৱাই খাৰ বনোৱাৰ নিয়ম অন্য কোনো ৰন্ধনশৈলীত আছে নে সেয়া কব নোৱাৰি কিন্তু খাৰ অসমীয়া ৰন্ধনশৈলিৰ এটি অতিকে অনন্য উপাদান| অসমীয়াসকলে খাৰ অতিজৰে পৰা খাই আহিছে আৰু জনাযায় যে অতিতত যেতিয়া নিমখত আৱিৰ্ভাব হোৱা নাছিল তেতিয়া নিমখৰ সলনি খাৰৰ ব্যবহাৰ কৰা হৈছিল | খাৰৰ বিভিন্ন বিধিৰ ভিতৰত অমিতাৰ খাৰ বৰ জন

পুঠিমাছ, বিলাহী আৰু খৰিছাৰ পিতিকা আৰু হাতীভেকুৰীৰ পিতিকা - চুমু মুনমি গগৈ

পুঠিমাছ,  বিলাহী আৰু খৰিছাৰ পিতিকা আৰু হাতীভেকুৰীৰ পিতিকা - চুমু মুনমি গগৈ ১.পুঠিমাছ ,বিলাহীআৰু খৰিছাৰ পিতিকা :    উপকৰন: ১.পুঠিমাছ ৯ জনী                    ২.খৰিছা এচামুচ                    ৩.বিলাহী এফাল                    ৪.ভোটজলকীয়া এফাল                    ৫.মিঠাতেল ১ চামুচ                    ৬.নিমখ আন্দাজত                    ৭.ধনীয়া ২ ডালমান                    ৮.পিয়াজঁ এটা                     ৯.আদাৰুকা ১চামুচ পাত্ৰ এটা আগতীয়াকৈ জুইত  পুৰি চাফা কৰি লোৱা পুঠিমাছখিনি,সৰুকৈ কুটি লোৱা বিলাহী,পিয়াজঁ,ভোটজলকীয়া,খৰিছা,নিমখ,তেল,কুটি লোৱা ধনীয়া আদি সকলোবোৰ ভালদৰে মিহলাই পিতিকিলো | ২.হাতীভেকুৰীৰ পিতিকা :      উপকৰন: ১.হাতীভেকুৰী ২মুঠি                      ২.আচাৰৰ তেল এচামুচ                      ৩.পিয়াজঁ ১টা                      ৪.জলকীয়া ১টা                      ৫.নিমখ আন্দাজত হাতীভেকুৰী কেইমুঠি বইল কৰি ললো, এতিয়া হাতীভেকুৰীখিনিত নিমখ, আচাৰৰ তেল,কটা পিয়াজঁ,জলকীয়া দি ভালদৰে পিতিকিলো |

ৰোগ প্ৰতিৰোধক শক্তি বঢ়োৱা পানীয় খাদ্য

কিছুমান খাদ্যই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই ৰাখে| যি সকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক তেওঁলোক সহজে কোনো ভাইৰাচ বা বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হব নোৱাৰে| ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ প্ৰতিদিনে আমি আমাৰ আহাৰত কিছুমান এনে খাদ্য খাব লাগে যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াব পাৰে| খাদ্যৰ লগতে কিছুমান পানীয় খোৱাতো অত্যন্ত জৰুৰী যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে| তলত তেনে কিছুমান পানীয়ৰ কথা উল্লেখ কৰিলো : 01. গ্ৰীণ টি গ্ৰীণ টিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাৰ মূলতে হৈছে ইয়াত থকা এণ্টিঅক্সিডেন্ট গুণটো|  বৰ্তমান কৰুণা মহামাৰীৰ এই সময়ছোৱাত আমি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে গ্ৰীণ টি নিয়মিত সেৱন কৰা উচিত।  গ্ৰীণ টিৰ ৰেচিপি ভিডিঅ তলৰ লিংকত পাব https://youtu.be/uJtPhY7j2wg 02. চালকুঁৱৰী/ এল'ভেৰা চৰ্বত এল’ভেৰা(চালকুঁৱৰী) জুচ বা চৰ্বত অতিজৰে পৰা আয়ুৰবেদিক টনিক বা ঔষদত ব্যবহৃত হৈ আহিছে | বহুতো ভিটামিন, মিনাৰেল আৰু এণ্টিঅক্সিডেন্টেৰে ভৰপূৰ এলভেৰা জুচে শৰীৰৰ পোষণশক্তি বঢ়োৱাত সহায় কৰে| এল'ভেৰা জুচ কিদৰে প্ৰস্তুত কৰিব পাৰি ৰেচিপি ভিডিঅ'টো লিংকত ক্লিক

পূৰ দিয়া কেপচিকাম - সম্পূৰ্ণা প্ৰণৱ কাকতি

পূৰ দিয়া কেপচিকাম - সম্পূৰ্ণা প্ৰণৱ কাকতি উপকৰণ: • সিজোৱা আলু দুটা পিটিকি লব • কেপচিকাম চাৰিটা • গোটা জিৰা একচামুছ • চফ একচামুছ • নহৰু পাঁচফুটামান কুটি লোৱা • জলকীয়া তিনিটা কুটি লোৱা • ডাঙৰ পিয়াঁজ এটা কুটি লোৱা • নিমখ স্বাদ অনুসাৰে • হালধি জোখমতে • জিৰা ধনীয়া গুৰি এচামুচকৈ • মানধনীয়া পাত দুখিলা • তেল প্ৰণালী:      প্ৰথমে আলু সিজাই পিটিকি ললোঁ। তাৰ পাছত কেৰাহীত তেল দি জিৰা আৰু চফ দি নহৰু আৰু জলকীয়া কুটা দি ভাজি লৈ পিয়াঁজখিনি দি ভাজিলোঁ। তাৰ পাছত নিমখ, হালধি, জিৰা ধনীয়া গুৰি দি ভাজি গেছ কম কৰি আলুখিনি দি ভালদৰে মছলা খিনি মিহলি হোৱালৈ লৰাই থাকিলোঁ। তাৰ পাছত মানধনীয়া দুখিলা কুটি দি লৰাই নমাই থলোঁ। ( এই পুৰটো চিংৰা, মচলা dosa তো ব্যৱহাৰ কৰিব পাৰি)       কেপচিকাম কেইটা মাজতে ফালি গুটি উলিয়াই লৈ আলুৰ পূৰ ভৰাই তেলত ভাজিলোঁ। ভাজোঁতে সাৱধানে ভাজিব নহলে তেল ফুটি গাত পৰিব। একেবাৰে সিজিব দিব নালাগে। 60- 70 শতাংশহে সিজাব লাগে।       গৰমে পৰিবেশন কৰিব |

ঔটেঙা, মানধনীয়া আৰু ভোটজলকীয়াৰে গাহৰি সিদ্ধ বা বইল -চুমু মুনমি গগৈ

ঔটেঙা, মানধনীয়া আৰু ভোটজলকীয়াৰে গাহৰি সিদ্ধ বা বইল -চুমু মুনমি গগৈ উপকৰন : পৰিবেশন ৪ জনৰ বাবে                  সময় ৪০ / ৫০ মিনিট ১. গাহৰি : ডেৰ পোৱা ২.ঔটেঙা : এটা ৩.ভোটজলকীয়া : আধাফাল ৪.মানধনীয়া : ১২ খিলা ৫.নহৰু :১০ কোঁহ ৬.আদা : এটুকুৰা ৭.নিমখ : আন্দাজত ৮.জালুক : আধা চাহ চামুচ ৰন্ধনৰ প্ৰনালী :     গাহৰিখিনি নিজৰ পছন্দৰ জোখত কাটি কুকাৰত ২ টা চিটি মৰাই সিজালো | ঔ টেঙাটো চকলিয়াই ওপৰৰ ডাঠ বাকলিখিনি আৰু বিজটো আতৰাই টুকুৰা কৰি ললো | নহৰু, জালুক আৰু আদাখিনি থেতেলিয়াই ললো |    এতিয়া লোহাৰৰ কেৰাহীত পানী এবাতি উতলিব দিলো | পানীখিনি উতলাত থেতেলিওৱা নহৰু আৰু আদাখিনি দিলো , ১ মিনিটমানৰ পাছত টুকুৰা কৰি ৰখা ঔ টেঙা খিনি দি ঢাকন মাৰি দিলো | ৫ মিনিটমানৰ  পাছত কেৰাহীত সিজোৱা গাহৰিখিনি দিলো | এতিয়া মাংসখিনি ঢাক যোৱাকৈ কুহুমীয়া পানী দি  ঢাকন মাৰি ২০ বা ২৫ মিনিটমান মধ্যমীয়া জুইত সিজিব দিলো , নমোৱাৰ ৩ মিনিটমানৰ আগত জালুক আৰু মানধনীয়াখিনি চিঙি টুকুৰা কৰি মাংসত চটিয়াই দি অলপ সময়ৰ বাবে আকৌ ঢাকন মাৰি নমাই ৰাখিলো | এই মাংস গৰম ভাতৰ লগত পৰিবেশন কৰা হয় | বিশেষকৈ আহোমসকলৰ মাজত এই সিদ্ধ অত

বাঁহৰ গাজ_ ব্ৰইলাৰ মাংস - ৰঞ্জিত নাথ

বাঁহৰ গাজ_ ব্ৰইলাৰ মাংস - ৰঞ্জিত নাথ উপকৰণ = • ১ কেজি ব্ৰইলাৰ • ১ বাটি কুটি লোৱা গাজ • ১ চামুচ আদা,নহৰু পেষ্ট • ১/২ কাপ কুটি লোৱা পিয়াঁজ • ১ চামুচ জিৰা গুৰি • ২ চামুচ ধনীয়া গুৰি • ১ চামুচ পাঁচ ফূৰণ • ৩ টা শুকান জলকীয়া • ৬ টা মান কেঁচা জলকীয়া • তেল,নিমখ,হালধী জোখমতে লব প্ৰণালী = মাংসখিনি ধুই পানী টুকি লব । টুকি লৈ  পিয়াঁজ,নহৰু,আদা,জিৰা,ধনীয়া,হালধী,গাজ,কেঁচা জলকীয়া ফালি দিব,এচামুচ তেল দি সানি আধা ঘন্টা মান ঢাকি থব । গেচৰ জুই বঢ়াই লৈ তেল গৰম কৰি নিমখ,পাঁচফূৰণ,শুকান জলকীয়া  দি মাংসখিনি দিব । অলপ সময় লৰাই ভাজি লব । ঢাকোন দি গেচৰ জুই কমাই দিব । ১০ মিনিট মান পিছত ঢাকোন গুচায় চাব তেল উলায়ছে জুই বঢ়াই লৰাব অলপ সময় । তেলখিনি শুকালে জোখৰ পানী দি উতলিব দিব । উতলি জোলকন ডাঠ হলে এক চামুচ তেল দি নমাই দুপৰিয়াৰ ভাত সাঁজৰ জুতি লব ।

আলু পৰঠা পালেং শাক দি -প্ৰিয়া সেন

আলু পৰঠা পালেং শাক দি -প্ৰিয়া সেন উপকৰণ- আটা মথাৰ বাবে-   পালেং শাক ১ মুঠি  আটা ৩ কাপ  নিমখ আন্দাজ মতে  জনী আধা চামুচ  চাট মছলা আধা চামুচ  ৰিফাইন তেল ৩চামুচ  গৰম পানী আন্দাজ মতে আলু পিটিকা -         আলু ৪টা ( সিজাই লোৱা)        ধনীয়া পাত এক মুঠি (কোটি লোৱা)        নহৰু কোষ ৬/৭ টা ( কোটি লোৱা)        জলকীয়া গুৰি এক চামুচ        চাট মছলা এক চামুচ        নিমখ জোখ মতে প্ৰণালী-       প্ৰথমতে উতলা পানীত পালেং শাক দি 2মিনিট ঢাকি ৰাখিব। তাৰ পিছত ঠাণ্ডা পানী দি ধুই লব আৰু মিক্সিত পেষ্ট বনাই লব। তাৰ পিছত ওপৰত দিয়া শুকান সকলো সামগ্ৰী মিলাই লৈ পালেং পেষ্ট আৰু গৰম পানী অলপ অলপ কে দি মথি লব। এতিয়া আলু খিনিৰ লগত দিয়া সকলো সামগ্ৰী একে লগে সানি লব। তাৰ পিছত আটা খিনি  একে চাইজৰ লাড়ু বনাই লৈ এটা এটা কে লাড়ু বেলি তাত আলু ষ্টাফিং ভৰাই অলপ বহলকে বেলি লৈ পৰঠা ভাজি ঘি লগাই গৰমে  গৰমে টমেট চচ ৰ লগত পৰিবেশন কৰিব।

দেওবৰীয়া বিশেষ এসাজঁ - দেৱশ্ৰী ৰাজবংশী হাজাৰী

দেওবৰীয়া বিশেষ এসাজঁ - দেৱশ্ৰী ৰাজবংশী হাজাৰী #খৰিকাত দিয়া গাহৰি মাংস#লাই শাকৰ লগত গাহৰি#ওলকবিৰ লগত মাটিডালিৰ খাৰ#নহৰু পাতৰ লগত বেঙেনা পিটিকা পিটিকাৰ বাহিৰে কতো তেল দিয়া নাই৷ ৰেচিপি-  খৰিকাত দিয়া গাহৰি  :আধা সিজোৱা গাহৰি মাংসত জোখমতে নিমখ,জলকীয়া গুৰি সানি খৰিকাত দিছো৷  লাই শাকৰ লগত গাহৰি মাংস(তেল নিদিয়া) : কুকাৰত  অলপ নিমখ,পানী দি মাংস এটা সুহুৰি অহালৈ সিজাইছো৷তাৰপাছত পানী পেলাই দি কুকাৰতে কম জুইত জোখমতে নিমখ দি ১৫ মিনিট সময় ভাজিছো৷তেল উলোৱাত কুটি লোৱা পিয়াঁজ,থেতালি লোৱা আদা,নহৰু ,ভোট জলকীয়া দিছো৷১০ মিনিট সময় পাছত  এমুঠি লাই শাক ধুই হাতেৰে ভাঙি দিছো৷ লাই সিজি ধুনীয়া গোন্ধ ওলোৱাত  ধনিয়া পাত চটিয়াই নমাইছো মাটিদালিৰ খাৰ : গোটা মাটি ডালি   শুকান কেৰাহীত ধুনীয়া গোন্ধ ওলোৱালৈ প্ৰায় ১০ মিনিট সময় ভাজিছো৷কুকাৰত উতলি থকা পানীত ডালি খিনি,জোখমতে নিমখ, কাটি লোৱা ওলকবি দি এটা সুহুৰি অহালৈ সিজাইছো৷তাৰপাছত কুকাৰৰ ঢাকোন খুলি জোখমতে কলখাৰ থেতালি লোৱা আদা,নহৰু,জলকীয়া দি কম জুইত ১০ মিনিট সিজাই ধনিয়া পাত চটিয়াই নমাইছো৷ বেঙেনা পিটিকা :  পুৰি লোৱা বেঙেনা এটা বাকলি গুচাই

চয়াবিন মিঠি শাক দি ভাজি - লিনা বৰা

চয়াবিন মিঠি শাক দি ভাজি -লিনা বৰা উপকৰন - ১।মিঠিশাক ২ মুঠি ২। চয়াবিন ২ কাপ ৩।মিঠি নামমাত্ৰ ৪।নিমখ জোখমতে ৫।হালধী ১চামুচ ৬।জলকীয়া গুৰি ৭।ধনীয়া গুৰি১চামুচ ৮।গৰম মচলা ১ চামুচ। ৯।হালধী ১ চামুচ  ১০।সৰিয়হ তেল২চামুচ ১১। আলু ১টা প্ৰনালী - মিঠি শাক ধুই কুটি ললো।চয়াবিন কোমলাই ধুই ললো। আলু বাকলি গুচাই কাটি ললো। কেৰাহীত তেল গৰম কৰি মিঠি দি মিঠি শাক খিনি দি লৰাই আলু যোগ কৰি চয়াবিন যোগ কৰি নিমখ হালধী ধনীয়া গুৰি জলকিয়া গুৰি দি লৰাই ঢাকোন মাৰি থলো১০ মিনিত। ঢাকোন খুলি লৰাই গৰম মচলা দি নমাই পৰিবেশন কৰিলো।

প্ৰতিদিনে আমাৰ শৰীৰত কিমান পানীৰ প্ৰয়োজন

   প্ৰতিদিনে আমি কিমান পানী খোৱা উচিত ? ইয়াৰ উত্তৰ হিচাপে নিশ্চয় আমি কৰবাত শুনিবলৈ বা পঢ়িবলৈ পাইছো যে দৈনিক আমি দুই লিটাৰ বা আঠ গ্লাচ পানী খাব লাগে | কিন্তু পানী খোৱাৰ পৰিমান ব্যক্তি বিশেষে বেলেগ বেলেগ হব পাৰে | যি সকলে অত্যাধিক শাৰিৰিক পৰিশ্ৰম কৰে তেওঁলোকৰ দেহত পানীৰ প্ৰয়োজনীয়তা বেছি হব পাৰে| যি সকলে সূৰ্য্যৰ প্ৰখৰ ৰদত পৰিশ্ৰম কৰে তেওঁলোকৰ দেহত পানীৰ প্ৰয়োজনীয়তা দিনতো শীত-তাপ কোঠাত অতিবাহিত কৰা লোক এজনৰ লগত নিমিলিবও পাৰে | সেয়েহে পানী খোৱাৰ ক্ষেত্ৰত কোনো নিয়ম বান্ধিব পৰা নাযায়, শৰীৰৰ প্ৰয়োজন অনুসৰি পানীৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ হয়| National Academics of Science Engineering and Medicine  ৰ মতে এজন প্ৰপ্তবয়স্ক লোকৰ শৰীৰত প্ৰয়োজনীয় পানীৰ পৰিমান পুৰুষৰ ক্ষেত্ৰত : 3.7 লিটাৰ মহিলাৰ ক্ষেত্ৰত : 2.7 লিটাৰ কিন্তু এই পানীৰ পৰিমান কেৱল যে পানী খায়ে পূৰ কৰিব লাগে তেনে নহয় | আমি গ্ৰহণ কৰা অন্যান্য খাদ্য আৰু পানীয়ৰ যোগেদিও এই প্ৰয়োজনীয়তা পূৰণ হয় যেনে : বিভিন্ন ফলমূল, ফলৰ ৰস, চাহ, গাখীৰ ইত্যাদি | আমি আমাৰ দেহত প্ৰয়োজন হোৱা পানীৰ অভাৱ পূৰাবলৈ খাদ্য খোৱাৰ সময়ত বা খাদ্য খোৱাৰ পিছৰ পানী  খাব লাগে |  ঘাম